

মূল্যবোধ শিক্ষাঃ ড° দুলুমণি গোস্বামী | গোট ৩ | Class 12 Assamese Question Answer | HS 2nd Year Assamese | Higher Secondary Assamese Solution |
গোট ৩
মূল্যবোধ শিক্ষাঃ
ড° দুলুমণি গোস্বামী
অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)
১। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবোধ শিক্ষা আছিল ৷✅
২। প্ৰথম
৪। মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
উত্তৰঃ মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে ৷ অৰ্থাৎ সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত ৷✅
৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে ৷✅
চমু প্ৰশ্ন (মূল্যাংক ২/৩)
১। আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ তিনিটা ৷ সেইকেইটা হ’ল - সত্যম, শিৱম, সুন্দৰম্ ৷✅
২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে আৰু সেইকেইটা হ’ল - ধৰ্ম, অৰ্থ, কাম, মোক্ষ ৷✅
৩। প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ মানুহ সামাজিক জীৱ ৷ গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি ৷ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি ৷ কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য নাই ৷ সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা হে বিচাৰ কৰা উচিত ৷✅
৪। সহজ অৰ্থত মূল্যবোধ মানে কি?
উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকতা নীতি ৷ যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ ৷ সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যপ্ৰণালী-এই সকলোবোৰক মূল্যবোধে সামৰি লয় ৷ আকৌ মূল্যবোধ সমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ত কৰে সামাজিক পৰিবেশতহে ৷✅
৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ’ল- পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা, যুক্তিনিষ্ঠতা ৷✅
দীঘল প্ৰশ্ন (৪/৫)ঃ
১। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷
উত্তৰঃ আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে ৷ মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে ৷ আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে ৷ আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্ৰেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায় ৷ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে- কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, সজানিয়া সবাকো পৰি কৰিবা প্ৰণাম ৷✅
২। নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷
উত্তৰঃ মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে- সত্য, শিৱ, সুন্দৰ ৷ এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্বিক মূল্যবোধ ৷ নন্দনতাত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে ৷ জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে ৷ মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ণ হয় ৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্বিক মূল্যবোধৰ চাবিকাঠি ৷✅
৩। চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- সত্যম, শিৱম, সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ ৷ চিৰন্তন মূল্যবোধ স্হায়ী তথা অপৰিবৰ্ত্তনীয় ৷ এই মূল্যবোধসমূহ সমাজত পূৰ্বৰে পৰা বিদ্যমান ৷ মানুহৰ দায়িত্ব হ’ল- কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা ৷ চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰেপৰাই আছে ৷ আন কথাত ক’বলৈ গ’লে ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ৷✅
৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ৷
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'ম’ৰেল' শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ 'ম’ৰীজ' শব্দটোৰ পৰা ৷ যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ ৷ নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে ৷ মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে ৷ ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে ৷ কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে ৷ ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ৷ সংক্ষেপতে ক’বলৈ গ’লে নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায় ৷✅
৫। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷
উত্তৰঃ মূল্যবোধ বুলিলে আমি এক উচ্চ আদৰ্শাত্মক জীৱন প্ৰণালীক বুজোঁ যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ শিকায় ৷ মানুহৰ জীৱনৰ কিছুমান নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ বাবে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয় ৷✅